মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ ধাৰাটোৰ মূলতে প্ৰচুৰ ব্যক্তিবোধ আছিল। এই চিত্ৰশিল্পৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। ইয়াৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ কৰা। ইয়াৰ জন্ম হৈছিল টাইমূৰ আৰু চেংগীজ খাঁৰ ৰাজ দৰবাৰত, গতিকে এই চিত্ৰশিল্পৰ ধাৰাটোৰ যুগ অনুসৰি ই ব্যক্তিবাদী আৰ্ট আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ইয়াত কোনো ভাৱ-প্ৰৱণতা নাই। আছে কেৱল বিপুল উৎসাহ-উদ্দীপনা আৰু প্ৰেৰণা। ব্যক্তিবাদে সমসাময়িকভাৱে হ'লেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ কোনো ধৰণৰ স্থান নোহোৱা কৰিছে। এইবোৰতে ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল আৰু এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। এই ফালৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্ট ইয়াৰ প্ৰধান লক্ষণ। এবিধ মূলতে আনন্দাপুত ৰস চঞ্চল আৰু আনবিধ ধীৰ, মন্থৰ প্ৰাণ। এইবোৰৰ স্থবিৰতাৰ মাজতে হয়তো লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ পৰিছিল।