Add Book Write Article
Cancel

মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 10:20 a.m.

প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলিয়ে চতুৰ্দশ শতিকাত বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰিছিল ৷ আধুনিক ভাৰতীয় আৰ্য ভাষা সমূহৰ ভিতৰত মাধৱ কন্দলিৰ ৰামায়ণ খনেই প্ৰথম ৰচনা ৷ অৱশ্যে তেওঁৰ অনুদিত ৰামায়ণখনৰ পাঁচটা হে কাণ্ড পোৱা যায় ৷ উত্তৰাকাণ্ড আৰু আদিকাণ্ড পোৱা নাযায় ৷ মাধৱ কন্দলিয়ে বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ কৰাৰ পৰিবৰ্তে ভাবানুবাদ হে কৰিছে ৷ যাৰ বাবে কবিৰ স্বকীয় কাব্য প্ৰতিভা প্ৰতিটো কাণ্ডতে স্পষ্ট ৰূপত দেখা পোৱা গৈছে ৷ তেওঁ অৱতাৰণা কৰা ভালেমান কথা বাল্মীকিৰ ৰামায়ণতো নাই ৷ যেনে-

" শুনিয়োক সভাসদ ৰামৰ চৰিত্ৰ ৷

পৰম সুৰস ৰস কৰ্ণৰ অমৃত ৷ ৷"

এইবোৰ তেওঁৰ নিজা সংযোগ, যিয়ে তেওঁৰ কবি প্ৰতিভাৰ অনন্য চানেকি বহন কৰিছে ৷ তদুপৰি কাব্যত প্ৰয়োগ কৰা ভাষা, ছন্দ, অলংকাৰ আদিৰ মাজেদি তেওঁৰ কবি প্ৰতিভা সুন্দৰকৈ প্ৰকাশ পাইছে ৷ ঘৰুৱা ভাষাৰ প্ৰয়োগ মাধৱ কন্দলিৰ কাব্যৰ অন্যতম বিশেষত্ব ৷ সৰল-সহজ ঘৰুৱা ভাষাৰ প্ৰয়োগেৰে তেওঁ ৰামায়ণখনক সৰ্বসাধাৰণ চহা ৰাইজৰ উপযোগী কৰি তুলিছে ৷ যেনে-

" লংকা পুৰি হনুমন্ত গৈল যেন মতে ৷

আপুনিও দেখিলাহা পাত্ৰ সম্বনিতে ৷ ৷"

কবিয়ে পৰম্পৰাগত ছন্দৰীতিৰ প্ৰয়োগেৰে ৰামায়ণখন সুখপাঠ্য কৰি তুলিছে ৷ আমাৰ পাঠ্য কাব্যাংশত পহ ছন্দৰ (৮+৬) সফল প্ৰয়োগ লক্ষ্য কৰা যায় ৷ যেনে-

" ৰাজনয় সমুচিত ধৰ্মক জানন্ত ৷ ৷

ৰাৱণক সম্বুধিয়া বাক্য বুলিলন্ত ৷ ৷"

বিভিন্ন সাহিত্য অলংকাৰৰ প্ৰয়োগৰ ফলত কাব্যঃ সৌন্দৰ্য দুগুনে চৰিছে ৷ সমগ্ৰ ৰামায়ণতে শব্দালংকাৰ আৰু অৰ্থালংকাৰ সমাহাৰ ঘটিছে ৷ অনুপ্ৰাস অলংকাৰ প্ৰয়োগৰ এটা উদাহৰণ হ’ল-

" ইন্দ্ৰজিতে যুঁজিল যুদ্ধৰ য’ত ধৰ্ম ৷

নাগপাশে বান্ধিলেক ইকি যোগ্য কৰ্ম ৷ ৷"

ইয়াৰ উপৰিও ৰামায়ণখনত কবিয়ে স্বকীয় প্ৰতিভাৰে থলুৱা গছ-লতিকা, চৰাই চিৰিকতি আদিৰ নাম উল্লেখ কৰিছে ৷ যাৰ বাবে ৰামায়ণখন পাঠক ৰাইজৰ অতি আপোন হৈ পৰিছে ৷ এনেদৰে দেখা যায়, মাধৱ কন্দলিৰ ৰামায়ণৰ মাজেৰে তেওঁৰ কাব্যিক প্ৰতিভা সুন্দৰ ৰুপত প্ৰকাশ পাইছে ৷