April 10, 2025, 5:02 a.m.
মানুহৰ সকলো ধৰণৰ অৰ্থনৈতিক কাম-কাজ আৰু সেইবোৰৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত জীৱিকা আহৰণৰ সম্বলসমূহক একেলগে অৰ্থনৈতিক বৃত্তি বুলিব পাৰ।মানুহৰ প্ৰধান অর্থনৈতিক বৃত্তিবোৰ হৈছে 一
(i) প্রাথমিক বৃত্তি:- যি কার্যৰ দ্বাৰা মানুহে প্রকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে। যেনে - মাছ ধৰা কার্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।
(ii) দ্বিতীয়ক বৃত্তি:- যি কার্যৰ দ্বাৰা মানুহে প্রকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে।যেনে - শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন কৃষি কার্য, মাছ নির্মাণ তথা, পুনৰ নির্মাণ কার্য ইত্যাদি।
(iii) তৃতীয়ক বৃত্তি:- যি কার্যৰ দ্বাৰা প্রাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্রীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে -যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্রী, পর্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।
(iv) চতুর্থক বৃত্তি:- যিবোৰ কার্যই দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বোলে। যেনে - বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্রচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ।