Add Book Write Article
Cancel

মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা ৷

By uf9b861367c on 1 week ago
April 4, 2025, 8 a.m.

আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। ঋণক মানুহে পাপৰ লগত ৰিজায়। কাৰণ পাপী মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰিব লগীয়া হয়। ঋণী মানুহে সমাজত গৰিহণা খায়, মান-মৰ্যাদা হেৰুৱায়, মনৰ সুখ-শান্তি নাইকিয়া হয়। ঋণক ব্যাধিৰ লগত তুলনা কৰে কিয়নো ব্যাধিয়ে যেনেকৈ তেজ-মাংস ক্ষয় কৰে, ঋণে অৱস্থাহীন কৰি নিয়ে। ব্যাধি অনুক্ৰমে বাঢ়ি অহাৰ দৰে ঋণো বাঢ়ি যায়। সেয়েহে ঋণ লৈ পাপ আৰু ব্যাধি চপাই ল’ব নালাগে।