জানিব খোজাৰ নতুন ঠিকনা
মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱ-সৃষ্ট সম্পদ বোলে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয়। যেনে - ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগ-কাৰখানা, স্কুল-কলেজ, যান-বাহন ইত্যাদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে নতুন নতুন সম্পদ সৃষ্টিৰো বাট মুকলি হৈছে। উদাহৰণস্বৰূপে, বাঁহৰ পৰা কাগজ; কপাহৰ পৰা কাপোৰ; খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, নেপথা, কৃত্রিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্রিম ৰৱৰ, মম আদি; গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী ইত্যাদি। মানুহৰ প্ৰচেষ্টাৰ ফলত সৃষ্টি হোৱা এনে সামগ্রীবোৰকে মানৱ-সৃষ্ট সম্পদ বোলা হয়।