অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীৰ 'মিলন' কবিতাটিত আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনূভূত হৈছে।কবিতাটিত কবিয়ে পৰম আৰাধ্য ভগৱানৰ লগত কবিৰ মিলন হোৱাৰ কথা বুজাইছে।কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে। সপোনে-দিঠকে, জোনাকীৰ পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ পোহৰত, হৃদয়ৰ গভীৰ কোণত, ৰাতিপুৱাৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে সকলোতে কবিয়ে পৰমজনাৰ অস্তিত্ব অনুভৱ কৰে। পৰম আৰাধ্য জনৰ লগত কবিৰ অন্তৰত জাগি উঠা এই অনুভৱক কবিয়ে মিলন বুলি অভিহিত কৰিছে ।