অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্ৰ খনৰ কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত ঘাইকৈ আধ্যাত্মিকতাৰ সুৰ শুনিবলৈ পোৱা যায়।শান্ত-সমাহিত আৰু কৰুণ আকূতিৰে ভৰা কবিতাবোৰত কবিৰ আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে। কবিয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ আৰু বেদনাক ভাৰতীয় ধর্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেদি বিচাৰ কৰি তেখেতৰ মূল্যবান কবিতাসমুহৰ জৰিয়তে ব্যক্ত কৰিছে। সেয়েহে ‘মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ পৰিস্ফুৰণ দেখিবলৈ পোৱা যায়। কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে। সপোনে-দিঠকে, নিজৰ হৃদয়ৰ নিজান কোণত,নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ মোহনীয় সৌন্দৰ্য,ৰাতিপুৱা সূর্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব ভিন্ন ধৰণে অনুভৱ কৰে। কবিৰ মতে এয়াই তেওঁৰ পৰম জনাৰ সৈতে হোৱা অনন্ত মিলন। এইদৰেই কবিৰ আধ্যাত্মিক অনুভূতি ‘মিলন’ কবিতাটোত প্রকাশিত হৈছে।