Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

"মহাকোপে কোঠা পশিলন্ত সিঞ্চিৰাই লৱনু ভুজন্ত।।" - কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।

শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল।

মাক যশোদাই দধি মথি থাকোতে শিশুকৃষ্ণৰ মাকৰ স্তন পাণ কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰস্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই আখাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গ'ল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি ভাণ্ড শিলগুটি মাৰি ভাঙি লৱণু বোৰ চাৰিওফালে সিঁচৰিত কৰিছিল।

Write Your Answer