শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তেওঁ দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল।
দেৱতা আৰু অসুৰসকলে মিলি সমুদ্ৰ মন্থন কৰোঁতে সমুদ্ৰৰ গৰ্ভৰ পৰা মণি-মুকুতা, ৰত্নকে ধৰি কলাহল বিষ আৰু অমৃতো ওলাইছিল। অমৃত পান কৰিলে যে অমৰত্ব লাভ হয় সেই কথা জ্ঞাত হোৱাৰ বাবে দেৱতা আৰু অসুৰসকলৰ মাজত অমৃতৰ কলহটোক লৈ টনা-আঁজোৰা লাগিছিল। দেৱতাসকলে জানিছিল যে, দেৱতাসকলৰ দৰে যদি অসুৰসকলেও অমৃত খাৱলৈ পায় তেনেহ'লে অসুৰসকলো দেৱতাসকলৰ দৰে অজৰ-অমৰ হ'ব আৰু গোটেই পৃথিৱীখনেই অধৰ্মৰে ভৰি পৰিব। সেয়েহে দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্য়ে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল অৰ্থাৎ, এগৰাকী সুন্দৰীৰ ৰূপ লৈ নিৰ্দিষ্ট ঠাইত উপস্থিত হোৱাত সকলো সেই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল। অসুৰসকল মোহিনীৰ ৰূপত ভোল গৈ থকাৰ সময়তেই দেৱতাসকলে অমৃত খায় শেষ কৰিছিল। এইদৰে কৃষ্ণই মোহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাসকলৰ কাৰ্য সাধন কৰিছিল।