কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল ৷ অৱশেষত ১৯৩০ চনৰ ১৯ চেপ্তেম্বৰত সম্বলপুৰৰপৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে ৷ সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰু জী ৷ বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা দুঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে ৷ তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল ৷ যাৰ বাবে তেওঁৰ পৰিয়ালটো ভোকে-লঘোণে যাব লগা হ’ল ৷ ২০ চেপ্তেম্বৰৰ ৰাতি ৮ মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল’লে ৷ কলিকতাৰপৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে ৷ ২১ চেপ্তেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদাহ ষ্টেচন এৰি ২২ চেপ্তেম্বৰত গুৱাহাটীত উপস্থিত হয়হি ৷