Add Book Write Article
Cancel

যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা।

By u255f5c61b2 on 1 week ago
April 9, 2025, 4:05 a.m.

যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্যসমূহ হ'ল 一

(ক) ৰাইজৰ আশা, আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰা,

(খ) চৰকাৰৰ উদ্দেশ্য নীতি জনসাধাৰণক বুজোৱা,

(গ) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা।

যোৰহাট সাৰ্বজনিক সভাৰ কাৰ্যাৱলীসমূহ হ'ল 一

(ক) ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

(খ) ১৮৯২-৯৩ চনৰ সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল।

(গ) ১৮৯৩ চনৰ সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিবলৈ অনুৰোধ কৰিছিল।

১৯০৫ চনৰ বংগ ভংগৰ বিৰোধিতা কৰিছিল। পূৰ্ববংগৰ সৈতে অসমক সাঙুৰিলে অসমৰ ভৱিষ্যত বিপদাপন্ন হ'ব বুলি মতামত আগবঢ়াইছিল। পিছলৈ অৱশ্যে চৰকাৰৰ প্ৰৰোচনাত পৰি সভাপতি জগন্নাথ বৰুৱাই বংগ ভংগৰ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল। এই সভাই নতুন প্ৰদেশত অসমীয়াৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল।