Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

“লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে” – এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা ǀ

এটা জাতি বা সমাজ এখনৰ স্বাভাৱিক ৰূপ ৰং, সুখ–দুখ ,শ্ৰম বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয় ǀ সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোক সংস্কৃতিৰ কথাবোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে আহৰণ কৰে কিন্তু সেইবোৰৰ সৈতে অপৰিচলোক এজনে লোক সংস্কৃতি বিষয়ক প্ৰতিটো কথাই সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলেহে বুজি পাব ǀ উদাহৰণস্বৰূপে আমাৰ অসমৰ কথাকে উল্লেখ কৰিব পাৰি ǀ অসমৰ ভিন ভিন অঞ্চল, সম্প্ৰদায়, জাতি জনজাতিৰ মাজত প্ৰচলিত কথিত ভাষা, লোকসাহিত্য, গীত-মাত-নৃত্য-বাদ্য, পোছাক পৰিচ্ছদ, আ-অলংকাৰ,খোৱা বোৱা,গৃহ নিৰ্মাণ, কৃষি, পশুপালন, মাছধৰা, বিভিন্ন উৎসৱ, বাঁহ বেত আদিৰ ব্যৱহাৰ, পাৰিবাৰিক আৰু সামাজিক সম্পৰ্ক, ৰীতি নীতি আদি বিষয়ক অনেক দিশত লোক সংস্কৃতিৰ স্বৰূপ প্ৰকাশ পায় ǀ গতিকে দৈনন্দিন জীৱনত সৰ্বসাধাৰণ লোকে প্ৰতিটো মূহূৰ্ততে কৰি থকা কাম আৰু আচৰণবোৰ যোগেদি লোকসংস্কৃতি প্ৰতিফলিত হয় ǀ

Write Your Answer