Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্ৰপাতে অভিযানকাৰী দলক কি পৰিস্থিতিৰ মুখামুখি কৰাইছিল?

লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্ৰপাতে এক বিশালাকাৰ আয়তন ধাৰণ কৰি প্ৰলৰ ৰূপ ল’লে ৷ তেওঁলোকৰ কেম্পত থকা টেণ্টসমূহ উৰুৱাই নি বহুত দূৰত পেলালে ৷ মৃত্যুৰ আগজাননী পাই তেওঁলোকে গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠুত সামান্য ভৰি ভাজ কৰি লৈ অলপ চাপৰি হিমস্খলনৰ সাৱধানতা লৈছিল যাতে বৰফৰ সেই দৈত্যই তেওঁলোকক গ্ৰাস কৰিব নোৱাৰে ৷ হিমানী সম্প্ৰপাত যেতিয়া তেওঁলোকৰ মূৰৰ ওপৰেৰে পাৰ হৈ গৈছিল তেতিয়া তেওঁলোকক বৰফৰ মাজত পুতি পেলাইছিল ৷ অভিযানকাৰীসকলৰ উশাহ-নিশাহ বন্ধ হৈ পৰিছিল ৷

Write Your Answer