লেখকৰ দৃষ্টিত কৃপণ দুই প্ৰকাৰৰ। প্ৰথমতে, কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি। ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী-ঘোঁৰা, গাড়ী, বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি। কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে। ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা-ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে। দ্বিতীয়তে, অসজ বৃত্তিধাৰী কৃপণলোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সদায় শাক-ভাতৰ ব্যৱস্থা কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহ’লে ভোজন নকৰে। নিজৰ ঘৰত এখন আঞ্জা, আনৰ ঘৰত পাঁচখন বিচাৰে। নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, কিন্তু লোকৰ কামত বাহন নহ’লে এখোজো নোলায়। মুঠতে লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰী হ’ব নিদিয়ে, কাৰণ তেনেহ’লে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয়।