অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়তে ভিন ভিন জাতি উপজাতি আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি তুলিছিল। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ আছিল। ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয়। আকৌ প্ৰাচীন কালত অসমখন আছিল অনাৰ্য জাতিৰ বাসস্থান। এই মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকল, মুছলমান সকল আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল। এওঁলোকৰ ভিতৰৰ কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গ'ল। এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আন এটা সম্প্ৰদায়েও গ্ৰহণ কৰি ল'লে। সাজপাৰ, আ-অলঙ্কাৰ, দৈনন্দিনত ব্যৱহাৰ্য আচবাব, বাচন-বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। অসমীয়া সংস্কৃতিৰ মাজত মুকলি মনেৰে আধুনিকতা প্ৰৱেশ কৰিবলৈ ল'লে। কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিল। এয়াই আছিল স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া। আদান-প্ৰদান, বৰ্ণাঢ্য আৰু বাৰেবৰণীয়াৰ যোগেদি হোৱা সংস্কৃতি।