Add Book Write Article
Cancel

'লাচিত ফুকন' কবিতাটিত কেনেধৰণৰ চিন্তা কৰ্মই সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে ?

By uf9b861367c on 2 weeks ago
April 4, 2025, 10:59 a.m.

'লাচিত ফুকন' কবিতাটিত সমসাময়িক সমাজৰ বৰমূৰীয়া সকলৰ ভুৱা স্বদেশপ্ৰেমৰ নমুনাই দেশৰ সোলোক-ঢোলোক পৰিস্থিতি কৰি তোলাৰ বাবে কবিক ব্যতিব্যস্ত কৰি তোলা দেখা গৈছে ৷ তেওঁ লাচিত বৰফুকন আৰু বৰ্তমানৰ নেতাসকলৰ দেশ শাসনৰ ধৰণ কৰণৰ তুলনা কৰি নিজকে নিজে দেশৰ ভৱিষ্যতৰ কথা ভাবি উৎকণ্ঠীত হৈ পৰা দেখা গৈছে ৷ অসমৰ সুযোগ্য বীৰ লাচিতে দেশৰ বাবে মোগল সেনাই কৰা আক্ৰমণক বাধা দিবৰ বাবে এৰাতিৰ ভিতৰতে গড় বান্ধি পেলাইছিল আৰু কামত গাফিলতি কৰাৰ বাবে নিজ মোমায়েকক কাটি দুটুকুৰা কৰিছিল ৷ এই বীৰ লাচিতৰ দেশৰে বৰ্তমান বংশধৰ সকলৰ স্বদেশপ্ৰেম হ’ল নকল নবীছ অৰ্থাৎ যাৰ অন্তৰত অকণমানো স্বদেশপ্ৰেম নাই ৷ আগৰ সেই বীৰ অসমীয়াৰ অকনো চিন চাব নাই, তাৰ ঠাইত ভৰি পৰিছে গাধৰ পাল বুলি কবিয়ে আক্ষেপ কৰিছে ৷ তেওঁৰ মতে পবিত্ৰ অসমভূমিত প্ৰভুক্ত গাধৰ পালে প্ৰভুৰ আজ্ঞা অনুসৰি বোজা কঢ়িয়াওঁতে কঢ়িয়াওঁতে পিঠিৰ ছাল ছিগি গৈছে ৷ ভুৱা স্বদেশ প্ৰেমৰ কোবাল সোঁতত দেশৰ তলবল অৱস্থা ৷ অন্ধ অনুকৰণকাৰী সকলে নিজৰ মাজত ব্যংগ যুদ্ধৰ ৰচনাৰ দ্বাৰা মিছা প্ৰৱঞ্চনাৰে দেশ ভৰাই পেলাইছে ৷ দেশৰ মুক্তিৰ নামত মন্দিৰত শংখঘণ্টাৰ সলনি পিয়ানো বজাই, চাকিৰ সলনি বেদীত মমবাতি জ্বলাই আৰতি কৰে ৷ কবিয়ে এনেবোৰ কথাৰ জৰিয়তে আধুনিকতাৰ নামত এচামে দেশখনলৈ অনা অন্ধ অনুকৰণৰ কথাকে সোঁৱৰাই যিবোৰৰ বাবে আত্মপৰিচয় গ্ৰাস কৰিবৰ উপক্ৰম হৈছে ৷ তেওঁৰ মতে স্বদেশৰ নামত এওঁলোকে নানা বিপ্লৱ কৰে কিন্তু দেশৰ প্ৰকৃতাৱস্থাৰ কোনো আওভাও নাপায় ৷ বাহিৰৰ সমাজখনত ঘটা পৰিবৰ্তনৰ খবৰ ৰখাৰ বিপৰীতে দেশপ্ৰেমিকে কানিৰ মূল্য কিমান তাৰ হিচাপতে ব্যস্ত থাকিব খোজে ৷ কবিৰ মতে বৰ্তমান নেতাসকল ভণ্ডামিৰে ভৰা৷তেওঁলোকে দেশৰ গভীৰ সমস্যাসমূহলৈ কৰ্ণপাত নকৰি সাধাৰণ কথা কিছুমানতে লাগি দেশ প্ৰগতিৰ স্বাভাৱিক পথ ৰুদ্ধ কৰি থয় ৷ এইসকল দেশ নিতাই লোকেল ব’ৰ্ডৰ সদস্য পদ বা মন্ত্ৰীত্বকে জীৱনৰ সৰ্বস্ব জ্ঞান কৰে, এই আশাতেহে দেশপ্ৰেমিকৰ ভাও জোৰে ৷ কবিৰ মতে এই অজ্ঞানী, অকমৰ্ণ্য লোকৰ কবলত পৰি দেশৰ অৱস্থা সোলোক-ঢোলোক হৈছে আৰু এইবোৰৰ গচকনিত অসম জননীৰ হাত ভৰি কোঙা হৈছে ৷