'লাচিত ফুকন' নামৰ কবিতাটিত কবিয়ে অসমৰ সুযোগ্য বীৰ সন্তান লাচিতৰ স্বদেশ প্ৰেমৰ কথা সোঁৱৰিছে আৰু বৰ্তমানৰ লগত ৰিজাই চাবলৈ যত্ন কৰিছে৷লগতে দেশৰ অৱস্থাৰ বাবে আক্ষেপ কৰিছে ৷ তেওঁ প্ৰথমেই উল্লেখ কৰিছে যে বৰ্তমানৰ স্বদেশপ্ৰেমী সকল হ’ল নকল নবীছ ৷ স্বদেশপ্ৰেমী দেখুৱাবৰ বাবে প্ৰয়োজন নহ’লে তেওঁলোকে নিজৰ মাজতে ব্যংগ যুদ্ধৰ অৱতাৰণা কৰে ৷ দেশৰ মুক্তিৰ নামত মন্দিৰত শংখঘণ্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই বেদীত ৰাখি তেওঁলোকে পৰিবৰ্তন আনিব খোজে ৷ এওঁলোকৰ স্বদেশপ্ৰেমৰ কোবাল সোঁতত দেশ টলমল কৰিব ধৰিছে ৷ কিন্তু দেশৰ মানুহে যে খাবলৈ নাপাই মৰিছে তাৰ কোনো খবৰ ৰাখোতা নাই ৷ বাহিৰৰ সমাজখনত ঘটা বিপ্লৱৰ খবৰ ৰখাৰ ঠাইত এইসকলে কানিৰ মূল্য নিৰূপণত ব্যস্ত থাকে ৷ সমস্ত শাস্ত্ৰ তলি উদং কৰিও তেওঁলোকে মৰ আঁউসীত হাল বালে কেনেধৰণৰ পৰাচিত লাগে তাকো ঠিৰাং কৰিব নোৱাৰিলে ৷ মৃতকৰ কাম ত্ৰিশ দিনত নে এঘাৰ দিনত কৰিব তাকো ঠাৱৰাব নোৱাৰিলে ৷ অৰ্থাৎ এইসকল দেশহিতৈষীয়ে কেতবোৰ অৰ্থহীন কথাত লাগি সময় নষ্ট কৰে, সমাজখনৰ ক্ৰমে কুপমুণ্ডকতালৈ লৈ যায় কিন্তু বাহিৰৰ পৃথিৱীখনক পৰিবৰ্তনৰ লগত খাপ খুৱাই দেশখনক আগুৱাই নিয়াৰ প্ৰতি তেওঁলোকৰ কোনো প্ৰচেষ্টা নাই ৷ এইচাম দেশপ্ৰেমিক হ’ল ভণ্ডামিৰে ভৰা ৷এওঁলোকে বক্তৃতাৰে ৰণ জিনিব পাৰে৷বাঁহৰ কামীত ৰং সানি লৈ ৰণ কৰিব পাৰে ৷ কিন্তু এওঁলোকৰ পূজাৰ মন্দিৰ হ’ল লোকেল ব’ৰ্ড৷অৰ্থাৎ মন্ত্ৰীত্ব এওঁলোকৰ লক্ষ্য আৰু ইয়াৰ জৰিয়তেহে দেশ সেৱা কৰিব বিচাৰে ৷ গতিকে তেওঁলোকে লাচিতৰ দৰে স্বদেশপ্ৰেম বুজি নাপায় ৷ এওঁলোকৰ স্বদেশপ্ৰেমক কবিয়ে ভুৱা বুলি কৈছে ৷