'লাচিত ফুকন’ কবিতাটোত কবিয়ে 'দেশৰ বাতৰি শুনিবানে বীৰ’ বুলি কৈ কি কি বাতৰি দিছে?
কবিয়ে কবিতাটোত লাচিত বৰফুকনৰ দ্বাৰা বৰ্তমান সমাজৰ অধ:পতনৰ ফালে গতি কৰা ৰূপটোৰ কথা অতি দুখেৰে ব্যক্ত কৰিবলৈ বিচাৰিছে আৰু লগে লগে অসমৰ বীৰ সন্তানসকলৰ অন্তৰত বীৰত্বভাৱ ঘূৰাই আনিবলৈ প্ৰাৰ্থনা কৰিছে ৷ কবিয়ে অতি আক্ষেপেৰে কৈছে যে এনেকুৱা বীৰ লাচিতৰ দেশতে আজি কাপুৰুষ দল ভৰি পৰিছে যাক তেওঁ গাধৰ পাল আখ্যা দিছে ৷ গাধৰ দৰে প্ৰভুৰ আজ্ঞামতে কেৱল বোজা কঢ়িয়াই, যাৰ নিজস্বতা বুলিবলৈ একোৱেই নাই৷সকলো দিশে মাত্ৰ অন্ধ অনুকৰণ ৷ আধুনিকতাৰ নামত মন্দিৰত শংখঘণ্টাৰ ঠাই পিয়ানো আৰু চাকিৰ ঠাই মমবাতিয়ে লৈছে ৷ কবিৰ মতে আজিৰ দেশৰ নেতাসকল ভণ্ডামিৰ জালিয়তিৰে ভৰা ৷ ভণ্ডামিলোকে দেশখনৰ প্ৰকৃত সমস্যাৰ ফালে পিঠি দি নিজৰ সুবিধা অনুযায়ী সাধাৰণ কথা কিছুমানত লাগি দেশৰ প্ৰগতিৰ পথ ৰুদ্ধ কৰি পেলায় ৷ লোকেল ব’ৰ্ডৰ সদস্যপদ,মন্ত্ৰীত্ব আদিয়েই এওঁলোকৰ লক্ষ্য ৷ এইবোৰৰ বাবেই তেওঁলোকে দেশপ্ৰেমিকৰ অভিনয় কৰে ৷ এই স্বাৰ্থপৰ দেশপ্ৰেমিকৰ হাতৰ পৰা কেনেকৈ ক্ষমতাসমূহ আঁতৰাই প্ৰকৃত দেশপ্ৰেমিকৰ হাতত কাৰ্যভাৰ দিব পাৰি তাকেই আশা কৰিছে কবিয়ে ৷ কবিৰ মতে এই ভণ্ডসকলৰ বাদেও এনে বহুত যুৱক আছে যাৰ হৃদয় দেশমাতৃৰ ৰ্দুদশাত ব্যাকুল হৈ উঠে আৰু লাচিতৰ দৰে নিঃস্বাৰ্থ বীৰৰ এটা আদেশৰ বাবে ৰৈ থাকে ৷ সেয়ে কবিয়ে লাচিতক আহ্বান জনাইছে যেন তেওঁ আকৌ তেওঁৰ দেশপ্ৰেমৰ মন্ত্ৰেৰে এই যুৱকসকলক অনুপ্ৰাণিত কৰি তোলে ৷