Add Book Write Article
Cancel

'লাচিত ফুকন' কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্ৰেম কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ৷

By uf9b861367c on 1 week ago
April 4, 2025, 11:01 a.m.

'লাচিত ফুকন' নামৰ কবিতাটোত কবিয়ে লাচিতৰ স্বদেশপ্ৰেমৰ কথা বৰ্ণনা কৰিছে ৷ লাচিতে নিজ সাহস আৰু বীৰত্বৰে কেনেকৈ নিজৰ দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে শত্ৰুৰ লগত যুঁজ দিছিল তাৰ বৰ্ণনা উক্ত কবিতাটোত কবি দেৱকান্ত বৰুৱাই বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে ৷ আহোম সেনাপতি লাচিতৰ সাহস আৰু স্বদেশপ্ৰেমৰ কাহিনী সকলোৱে জানে কিয়নো দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে লাচিতে নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিছিল ৷ কবিতাটোত কবিয়ে লাচিতৰ বীৰত্বৰ কথা সুঁৱৰি, দেশৰ কাৰণে, দেহৰ কাৰণে মৃত্যুৰ আৱাহন শুনি, জাতিৰ বুকুত দুমদ যৌৱন জগাই তোলাৰ কথা স্মৰণ কৰিছে ৷ মোমাই কটা গড়ে আজিও লাচিতৰ ত্যাগ, বীৰত্ব তথা স্বদেশ প্ৰেমৰ কথা সোঁৱৰায় ৷ কবিতাটোত কবিয়ে লাচিতৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীৰ লগত দেৱতাৰ অৰ্থে পুত্ৰৰ বুকুত খনজৰ বহুৱা ইব্ৰাহিমৰ বীৰত্বৰ কথাও বৰ্ণনা কৰিছে ৷