শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল। কিয়নো ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ তিনিজন ছাত্ৰ পল, সৌৰভ আৰু আফতাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱমাননা কৰি মনে মনে গৈ বিলত নাও বাইছিলগৈ। যাৰ ফলত নাও ডুবি সিহঁত পানীত পৰিছিল। কেইজনীমান স্থানীয় ছোৱালী আহি সিহঁতক পানীৰ পৰা উঠাই আনিছিল। ছোৱালী কেইজনী নোহোৱা হ'লে হয়তো সিহঁত বাচিব নোৱাৰিলে হেতেন আৰু বিদ্যালয়খনো বদনামৰ ভাগি হলহেঁতেন। ছাত্ৰ-ছাত্ৰীৰ দলটোক লৈ ঘূৰি ফুৰিবলৈ হ'লে কেৱল শিক্ষক-শিক্ষয়িত্ৰীসকল দায়িত্বশীল হ'লেই নহ'ব, ছাত্ৰ-ছাত্ৰীসকল নিজেও শিক্ষকৰ বাধ্য তথা দায়িত্বশীল হ'ব লাগিব। সেয়েহে তেওঁলোকে অৰণ্যৰ কাৰ্য্যসূচী বাতিল কৰাৰ সিদ্ধান্ত ল'লে। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সিদ্ধান্ত শুনাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ কাৰো মুখত মাত-বোল নোহোৱা হ'ল। তাৰ মাজতে পাহিয়ে নিজৰ বক্তব্য আগবঢ়াই ক'লে যে, কেইজনমান ছাত্ৰৰ কাৰণে সকলো ছাত্ৰ-ছাত্ৰীকে বঞ্চিত কৰাটো উচিত হোৱা নাই। যি কেইজনে দোষ কৰিছে কেৱল তেওঁলোককহে শাস্তি দিয়া উচিত। তেওঁলোকক অৰণ্য দৰ্শনলৈ নিনিলেই হ'ল। সকলো শিক্ষাৰ্থীয়ে পাহিৰ কথাত সমৰ্থন জনালে। পলেও থিয় হৈ সিহঁতৰ যে দোষ হৈছে সেই কথা স্বীকাৰ কৰি সিহঁতৰ কাৰণে যে আনসকলকো অৰণ্য দৰ্শনৰ পৰা বঞ্চিত নকৰে তাৰবাবে অনুৰোধ কৰিলে। শেষত শিক্ষক-শিক্ষয়িত্ৰীসকলে পল, সৌৰভ আৰু আফতাবে নিজৰ ভূল উপলব্ধি কৰা বুলি জানি সকলোকে অৰণ্য দৰ্শন কৰিব নিবলৈ মান্তি হ'ল।