অসমীয়া সাহিত্য জগতত এগৰাকী সুনিপুণ লেখক হিচাপে পৰিচিত ব্যক্তি হ'ল শীলভদ্ৰ,যাৰ প্ৰকৃত নাম হ'ল ৰেৱতীমোহন দত্ত চৌধুৰী।সাহিত্য ৰচনাৰ বাবে তেওঁ শীলভদ্ৰ ছদ্মনাম গ্ৰহণ কৰে।
শীলভদ্রই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। ১৯৭১ চনত তেওঁৰ প্রথম উপন্যাস সংকলন ‘মধুপুৰ আৰু তৰংগিনী’ প্রকাশ পায়।নতুন যুগৰ অভিঘাতত মর্যাদা আৰু স্থানচ্যুত হোৱা পুৰণি অভিযাত শ্ৰেণীৰ ত্ৰিশঙ্কু-অৱস্থা,হেৰাই যাবলৈ উপক্ৰম কৰা বিগত যুগৰ ৰসাল চিত্ৰায়ন,আৰু নিঃস্ব-নিষ্পেষিতৰ প্ৰতি সহানুভূতি শীলভদ্ৰৰ উপন্যাসৰ সাধাৰণ বৈশিষ্ঠ্য। পৰৱৰ্তী সময়ত তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপে অধিক খ্যাতি অর্জন কৰে। ১৯৭৫ চনত তেওঁৰ প্ৰথম গল্প সংকলন 'বাস্তৱ' প্রকাশ পায়।ইয়াৰ পাছত তেওঁৰ কুৰিখনৰো অধিক গল্পসংকলন প্ৰকাশ পায়।তাৰে কেইখনমান হ’ল সমুদ্রতীৰ, কোনো ক্ষোভ নাই, উত্তৰণ, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তর্পন, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং, দায়িত্ব আৰু অন্যান্য গল্প ইত্যাদি। শীলভদ্রই 'ৰিপভান উইংকল আৰু কেইটামান গল্প’ আৰু 'ৰূপান্তৰ' নামৰ দুখন গ্রন্থ অনুবাদ কৰিছিল। সাহিত্য কর্মৰ স্বীকৃতি স্বৰূপে শীলভদ্রই কেইবাটাও বঁটা আৰু সন্মান লাভ কৰে। তাৰ ভিতৰত ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে ‘অসম প্ৰকাশন পৰিষদ বঁটা',১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্প’ শীর্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰে। ১৯৯৪ চনত শীলভদ্রই ‘মধুপুৰ বহুদূৰ’ গল্প সংকলনৰ বাবে ‘সাহিত্য অকাদেমি বঁটা’ লাভ কৰে। সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।