'শিশুলীলা' পাঠটি শ্ৰীমন্ত শংকৰদেৱেৰ দ্বাৰা বিৰচিত 'কীৰ্তন-ঘোষা'ৰ অন্তৰ্গত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূৰ্ণব্ৰহ্ম অৱতাৰ । সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰণৰ হেতুকে সাধাৰণ মানৱশিশুৰূপে যশোদাৰ পুত্ৰহৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। 'শিশুলীলা' মহাপুৰুষ শংকৰদেৱৰ ভগৱাত প্ৰেমৰ সুন্দৰ নিদৰ্শন।
মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ 'শিশুলীলা' পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদাই যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত । যি জনা পৰম ঈশ্বৰক মহা যোগী সধিক সকলে তপ-যপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে; সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজপুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰণ মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হ'ব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰমবহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উড়লত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে।
ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত। সাংসাৰিক মায়া মোহৰ স্ত্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সর্বব্যাপ্তী, সৰ্বশক্তিমান। কেৱল ভকতিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে 'শিশুলীলা' পাঠটিৰ তাৎপৰ্য।