মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 'কীৰ্তন ঘোষাৰ' অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰ ভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শিশুকৃষ্ণৰ দুষ্টামিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি-ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটোও আমাক সোৱঁৰাই থাকিবলৈ পাহৰা নাই।
কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিৰিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তন পান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰ ভাৱে দাঙি ধৰিছে।
আনহাতে, শ্ৰীকৃষ্ণৰ পৰম পুৰুষ ভগৱান। তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা। ভগৱান ভক্তৰ অধীন। ভকতবৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে তেতিয়া বাৰে বাৰে দুই আঙুল জৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোৱঁৰাই দিৱলৈ পাহৰা নাই।