উক্ত কবিতাফাঁকি 'জ্ঞান মালিনী’ৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ' নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।
পৃথিৱীৰ গছ-লতা, জীৱ-জন্তু, পশু-পক্ষী,গ্রহ-তৰা, জোন-বেলি এই সকলোবোৰ বস্তু পৰমেশ্বৰৰ কৃপাতে বর্তি আছে। তেৱেঁই পৃথিৱীৰ সকলো গুণ, সকলো বৃত্তি,তেৱেঁই সর্বত্ৰতে বিয়পি থকা সর্বশক্তিমান।অথচ তেওঁক আমি কোনেও নেদেখো। কাৰণ তেওঁ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে। এই ওৰণিখনেই হ'ল বেদান্ত নিৰ্দেশিত ‘মায়া। সুক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিলেহে এই অস্তিত্ব অনুভৱ কৰিব পাৰি।তাৰ বাবে লাগে জ্ঞান। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ'লেই এই ওৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলদ্ধি কৰিব পৰাৰ ক্ষমতা অর্জন হয়।কবিতাফাকিৰ মাজেৰে কবিয়ে এই কথাখিনিকে প্ৰকাশ কৰিছে।