Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল?

সীতাক উদ্ধাৰ কৰিবৰ বাবে,ৰজা সুগ্ৰীৱৰ লগত লগ হৈ বান্দৰ সেনাৰ সহযোগত সীতা উদ্ধাৰৰ অভিযান আৰম্ভ কৰে ৷ ইয়াৰ পুৰ্বে ৰামে ভক্ত হনুমানক লংকালৈ প্ৰেৰণ কৰে ৷ হনুমান গৈ সীতাক দেখা কৰাৰ লগতে হাবি-বন তহিলং কৰে ৷ হনুমানৰ হাতত বহু সৈন্যৰ প্ৰাণো যায় ৷ অৱশেষত ইন্দ্ৰজিতে অন্যায়ভাৱে হনুমানক বন্দী কৰি শাস্তি হিচাপে নেগুৰত জুই জ্বলাই এৰি দিয়ে ৷ এৰি দিয়াৰ লগে লগেই হনুমানে নেগুৰৰ জুইৰে লংকা পুৰি ছাঁই কৰে ৷ ইয়াৰ পিছতে বান্দৰ সৈন্যৰ সহযোগত ৰামে সাগৰত সেতু বান্ধি লংকাত প্ৰৱেশ কৰে ৷ লংকাৰ বিস্তৰ সৈন্যৰ লগতে মেঘনাদ, কুম্ভকৰ্ণ, ৰাৱণক পৰাভূত কৰি সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ ঘূৰি আহে ৷

Write Your Answer