Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স'তে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।

সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাৰাঘৰ বিচাৰি অহা বুলি ভাবিছিল। সেই বাবে তেওঁ কবিৰ সৈতে সেই সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথাও পাতিছিল। তেওঁৰ ঘৰটোক মানুহজনে কুবেৰৰ মহলাৰ লগত তুলনা কৰিছিল। তেওঁ তাত শান্তিত থাকিব নোৱাৰিব বুলি কৈছিল। সেই ঘৰটোত হেনো স্বাৰ্থপৰ আন্তৰিকতাহীন লোকে হে বাস কৰে। তেওঁলোকে কাৰো সুখ-দুখ হেনো বুজি নাপায়। আনকি কাৰোবাৰ মৃত্যু হ'লে দাহ কৰিবলৈও মানুহ আগবাঢ়ি নাহে।

Write Your Answer