সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চতকৰণ প্ৰক্ৰিয়া। ১৯১৭-১৮ চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেড়া আৰু আহমেদাবাদত সংঘটিত তিনিটা ঘটনাৰ সমাধানৰ ক্ষেত্ৰত সত্যাগ্ৰহক ব্যৱহাৰ কৰিছিল আৰু তাত দেখুওৱা দক্ষতাৰ বাবে পৰৱৰ্তী সময়ত তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰিছিল। যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্য়াগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল 一
(i) চম্পাৰণ (উত্তৰ বিহাৰ) বিবাদঃ- চম্পাৰণত তেওঁ ভূ-স্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল।
(ii) খেড়া (গুজৰাট) বিবাদঃ- খেড়াত, কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক কৰাৰ বিপক্ষে মাত মাতিছিল।
(iii) আহমেদাবাদ (গুজৰাট) বিবাদঃ- আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে মাত মাতিছিল।
উল্লেখযোগ্য যে, উক্ত প্ৰতিটো কাৰ্যসূচীতে তেওঁ "সত্যাগ্ৰহ"ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল য’ত আদৰ্শ আছিল সত্য আৰু অহিংসা।