মহাপুৰুষ মাধৱদেৱে বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰী কৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে কেৱল পৰম ভক্তিৰ ফলত। ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেইকথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে।