Add Book Write Article
Cancel

স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।

By u255f5c61b2 on 1 week ago
April 9, 2025, 4:06 a.m.

স্বদেশী আন্দোলনৰ সময়ত অসমৰ ভূমিকা উল্লেখ কৰা হ'ল一

(i) ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হোৱা যোৰহাট সাৰ্বজনিক সভাই বংগ ভংগৰ তীব্ৰ বিৰোধিতা কৰিছিল। পূৰ্ববংগৰ সৈতে অসমক সাঙুৰিলে অসমৰ ভৱিষ্যত বিপদাপন্ন হ'ব বুলি মতামত আগবঢ়াইছিল। পিছলৈ অৱশ্যে চৰকাৰৰ প্ৰৰোচনাত পৰি সভাপতি জগন্নাথ বৰুৱাই বংগভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল। এই সভাই নতুন প্ৰদেশত অসমীয়াৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল।

(ii) ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত গঠিত হোৱা আছাম এছ’চিয়েচনেও বংগ বিভাজনৰ বিৰোধিতা কৰিছিল। এই ক্ষেত্ৰত, অসমক পূৱ বংগৰ পৰা পৃথক কৰিবলৈ ১৯০৭ চনত আছাম এছ’চিয়েচনে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছিল।

(iii) পদ্মনাথ গোহাঞি বৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, ত্ৰিগুণা বৰুৱা, ৰক্তিম বৰা প্ৰমুখ্যে বহুকেইজন স্বনামধন্য ব্যক্তিয়ে আৰম্ভণিৰে পৰা বংগ বিভাজনৰ বিৰোধিতা কৰি আহিছিল।তেওঁলোকে অসমত ইয়াৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল।

(iv) অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদি নগৰত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল। অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠনৰ জন্ম দিছিল।তেওঁলোকে অসমত স্বদেশী বস্তুসমূহৰ ব্যৱহাৰৰ পক্ষে প্ৰচাৰ চলাইছিল। তাৰ ফলস্বৰূপে অসমৰ মানুহে নিমখৰ সলনি খাৰ, বেনাৰসৰ চেনী, থলুৱা এড়ী, মুগা, কপাহী আৰু খাদী বস্ত্ৰ ব্যৱহাৰ কৰিছিল।

(v) গুৱাহাটীত এদল ছাত্ৰই সপ্তাহত দুদিন জাহাজঘাটত কুলীৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনলৈ দান দিছিল।

(vi) অম্বিকাগিৰী ৰায়চৌধুৰীয়ে "বন্দিনী ভাৰত" নামৰ এখন বিদ্ৰোহী নাটকৰ জৰিয়তে আন্দোলনৰ প্ৰচাৰ চলাইছিল। অৱশ্যে পুলিচে এই নাটকৰ পাণ্ডুলিপি তেওঁৰ পৰা বাজেয়াপ্ত কৰে। ক্ষুদীৰাম বসু, বাৰীন্দ্ৰ ঘোষ, উল্লাস কৰ দত্তৰ লগত যোগাযোগ কৰি সেৱা সংঘ নামৰ এটা বিপ্লৱী সংগঠন জন্ম দিছিল।

(vii) ১৯০৬ চনৰ ৭ চেপ্তেম্বৰত ব্ৰিটিছ বিষয়া ব্যামফিল্ড ফুলাৰক হত্যাৰ উদ্দেশ্যে গুৱাহাটী-শ্বিলং পথত এটা বোমা পুতিছিল। পুলিচে সম্ভেদ পাই অম্বিকাগিৰীক আটক কৰে আৰু ১৯১৪ চনলৈকে বৰপেটাত অন্তৰীণ বন্দী হিচাপে থাকিব লগা হৈছিল।

(viii) ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনতাক এই আন্দোলনৰ প্ৰভাৱ পৰা আঁতৰাই কৰি ৰাখিবলৈ কিছুমান সা-সুবিধা প্ৰদান কৰিছিল一

  • অসমীয়া ভাষা সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা।

  • কটন কলেজৰ সকলো বিভাগতে স্নাতক মহলাৰ শ্ৰেণীৰ ব্যৱস্থা কৰা।

  • ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থাৰ পুনৰ প্ৰয়োগ কৰা।

  • মাটিত কুৰিদফীয়া বন্দোৱস্তিৰ প্ৰৱৰ্তন কৰা।

(ix) ইয়াৰ উপৰিও সুৰমা ভেলী এছ’চিয়েচনৰ নেতৃত্বত সুৰমা উপত্যকাত এই আন্দোলন যথেষ্ঠ জনপ্ৰিয়হৈ পৰিছিল। ফলস্বৰূপে শ্ৰীহট্ট, হৰিগঞ্জ, শ্ৰীমংগল, লখাই, কৰিমগঞ্জ, শিলচৰ আদি ঠাইত জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল।