April 8, 2025, 2:44 p.m.
স্বদেশী আন্দোলনে ভাৰতৰ জাতীয় সাহিত্য, জাতীয় শিক্ষাৰ বিকাশ ঘটোৱাৰ লগতে মহিলাসকলৰ সাহসী ভূমিকাক দেশৰ প্ৰেক্ষাপটত সবলভাৱে দাঙি ধৰিছিল।
(ক) জাতীয় শিক্ষাৰ বিকাশঃ- স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বাৰুকৈয়ে পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য় ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R. W. Carlyle য়ে ১৯০৫ চনৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে বংগত প্ৰৱল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল।
১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত "এন্টি ছাৰ্কুলাৰ ছ’চাইটি" গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল ৰচুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল।
সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত "The Dawn" কাকতখনত কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা উলিয়াই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰু দাস বন্দোপাধ্যায়ৰ লগত লগ লাগি "The Dawn Society" নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল। এই "Society" য়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪) আৰু কাৰ্লাইল জাননী (১৯০৫)ৰ বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল।
স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছিল। সেইবোৰ হৈছে 一
বংগ জাতীয় বিদ্যালয় (৬ আগষ্ট, ১৯০৫ চন) ৰবীন্দ্ৰনাথ ঠাকুৰ
জাতীয় বিদ্যালয়, ৰংপুৰ (৮ নৱেম্বৰ, ১৯০৫ চন)
জাতীয় শিক্ষা পৰিষদ (১১ মাৰ্চ, ১৯০৬ চন) অধ্যক্ষ ৰাসবিহাৰী বসু
বংগ জাতীয় মহাবিদ্যালয় (১৫ আগষ্ট, ১৯০৬ চন)
Banga Technical Institute (পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়)
জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত "বিহাৰ বিদ্যাপীঠ", মহাৰাষ্ট্ৰত "সমৰ্থ বিদ্যালয়", আৰু গুজৰাটত "গুজৰাট বিদ্যালয়" প্ৰতিষ্ঠা হৈছিল।দেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল।
(খ) জাতীয় শিল্পৰ বিকাশঃ- স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগ দেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগণি যোগাইছিল। সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাত শাল উদ্যোগ, সৰিয়হ, তেল, চাবোন, চেনী, জুইশলা, বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী।
স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে 一
১৮৯৭ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা "স্বদেশী ভাণ্ডাৰ"
১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা "ইণ্ডিয়ান ষ্টোৰচ"
১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা "লক্ষী ভাণ্ডাৰ"
১৯০৬ চনত আব্দুল হালিম গজনবিয়ে প্ৰতিষ্ঠা কৰা "ইউনাইটেড বেংগল ষ্টোৰচ"
বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল। স্বদেশী আন্দোলনৰ সময়তে নীল ৰতন চৰকাৰৰ উদ্যোগত (১ আগষ্ট, ১৯০৬ চনত) বংগলক্ষী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্ত্বাৱধানত (২৫ জুলাই ১৯০৬ চনত) বেংগল কেমিকেলছ আৰু জামসেটজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭ চনত) গঢ়লৈ উঠিছিল।
বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্তটো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান জন্ম হৈছিল। ১৯০৫ চনৰ ৭ ডিচেম্বৰত আৰ. চি. দত্তৰ পৌৰহিত্যত বাৰাণসীত প্ৰথমখন "ভাৰতীয় উদ্যোগ সন্মিলন" অনুষ্ঠিত হৈছিল। এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যৱদ্ধ হৈছিল।
(গ) স্বদেশী আন্দোলনত মহিলাসকলৰ সৱল ভূমিকাঃ-
ভাৰতবৰ্ষৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত মহিলাসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। পুৰুষৰ সমানে মহিলাসকলেও বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল। সৰলা দেৱী চৌধাৰীণীয়ে মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত পশ্চিম বংগত বীৰ অষ্টমী ব্ৰত, প্ৰজ্ঞাপাদিত্য উৎসৱ আৰু ব্যায়াম সমিতি আদিৰ আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠিখেল, কুস্তি আদিৰ প্ৰশিক্ষণ দিছিল।
সৰলা দেৱী চৌধাৰীণীয়ে "ভাৰতী" নামৰ এখন পত্ৰিকা সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক আন্দোলনত জপিয়াই পৰিবলৈ আহ্বান জনাইছিল।
ভগিনী নিবেদিতাই কলিকতাত ইয়ং মেন্ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছিল।
স্বদেশী আন্দোলনত বংগদেশৰ মহিলাসকলৰ সাহসিকতাৰ কথা লণ্ডনৰ পৰা ওলোৱা “ডেইলি টেলিগ্ৰাফ’’ত (১৯০৭ চনৰ ১১ অক্টোৱৰত) প্ৰকাশ পাইছিল।