Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?

স্বদেশী আন্দোলনৰ সময়ত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা ব্ৰিটিছে সহযোগিতাৰ আশা কৰিছিল। সেই উদ্দেশ্যে লৰ্ড কাৰ্জনে এই নেতাসকলক নিজৰ হাতৰ মুঠিত ৰাখিবলৈ তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল।কংগ্ৰেছৰ উদাৰপন্থী সদস্যসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰ পতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলোকৰ সহযোগিতা আশা কৰিছিল।তাৰ বিপৰীতে কংগ্ৰেছৰ কিছুসংখ্যক শীৰ্ষ নেতা যেনে 一 সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়, গোপালকৃষ্ণ গোখলেৰ বংগ ভংগ বিৰোধী অটল স্থিতিয়ে চৰকাৰক শলঠেকত পেলাইছিল। বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ পদত্ত উপাধি, পদ, পদবী বৰ্জন কৰিবলৈ অনুৰোধ জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোপাল কৃষ্ণ গোখলেই পোন প্ৰথমে "নাইটহুদ" উপাধি চৰকাৰক ঘূৰাই দিছিল।

Write Your Answer