"সভ্যতা আৰু সংস্কৃতি" 一 এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই দুয়োটা শব্দৰ ক্ষেত্ৰত এটাৰ সলনি আনটো শব্দ ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকহে বুজায়। এই সভ্যতা শব্দটোৰ প্ৰধান মাপকাঠী হ'ল "সমাজ এখনত বসবাস কৰা লোকসকলৰ জীৱন-ধাৰণৰ প্ৰণালী"। অৰ্থাৎ, সভ্যতা হ'ল দক্ষতা, সুখ-সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৈদ্বিক চিন্তা-ধাৰা, আচাৰ ব্যৱহাৰ আদি। আনহাতে, সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা। সংস্কৃতিৰ প্ৰধান মাপকাঠী হ'ল ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি। অৰ্থাৎ, সংস্কৃতি যিকোনো জাতি এটাৰ ৰীতি-নীতি, বিশ্বাস, ভাষা-সাহিত্য, আচাৰ-ব্যৱহাৰ, কৰ্ম পদ্ধতি, সাজ-পোচাক আদি। সভ্যতা যিকোনো এটা জাতি বা জনগোষ্ঠীৰ উত্থান-পতনৰ সৈতে জড়িত হৈ থাকে। কিন্তু সংস্কৃতি সেই জাতি বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতে হে জড়িত থাকে। সভ্যতাৰ কোনো সংমিশ্ৰণ নঘতে। সংস্কৃতি হৈছে মানৱ কৃষ্টিৰ শ্ৰেষ্ঠ অংশ। ব্যক্তিৰ ব্যক্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ অনিবাৰ্য। সেইবাবে সংস্কাৰ বা পৰিমাৰ্জন সংস্কৃতিৰ বা অপৰিহাৰ্য সভ্যতা বিকাশৰ বাবে জ্ঞানৰ বিকাশ হোৱাটো অপৰিহাৰ্য। শিক্ষা ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থাই মানৱ সভ্যতাৰ বিকাশত যথেষ্ট প্ৰভাৱ পেলায়। সভ্যতাই দৰাচলতে মানুহৰ বহিঃ জীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তঃ জীৱন প্ৰতিনিধিত্ব কৰে সভ্যতা আৰু সংস্কৃতি এই দুয়োটা শব্দৰ মাজত পাৰ্থক্য থাকিলেও এটাক বাদ দি আনটোৰ ব্যাখ্যা দিয়া সম্ভৱ নহয়। সভ্যতাই সমাজ এখন সু-শৃংখল কৰি সংস্কৃতি এটা গঢ় দিয়াত সহায় কৰে।