Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

সম্পদৰ প্রয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।

মানুহৰ জীৱন-ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱে হৈছে সম্পদ। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰ পৰা বিভিন্ন উপায়েৰে আহৰণ কৰে। সম্পদৰ জৰিয়তে মানুহৰ মৌলিক প্ৰয়োজনসমূহকে ধৰি অন্য বহুতো চাহিদা পূৰণ হৈছে আৰু লগতে ই জীৱন- ধাৰণৰ মানদণ্ডৰ উন্নয়নৰ সহায়ক হিচাপেও পৰিগণিত হৈছে। কেৱল ব্যক্তিগত পৰ্যায়তে নহয়, সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু সামগ্ৰিকভাৱে মানৱ জীৱনৰ আৰ্থ- সামাজিক দিশৰো উন্নয়ন ঘটিছে।

Write Your Answer