জানিব খোজাৰ নতুন ঠিকনা
বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে মানুহে প্ৰকৃতিত উপলব্ধ বস্তু বা সামগ্ৰীসমূহক সম্পদলৈ ৰূপান্তৰিত কৰে আৰু যাৰ ফলত সেইবোৰৰ দ্বাৰা মানুহৰ উপকাৰ সাধন হয়।অৰ্থাৎ, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ মাধ্যমেৰে সম্পদে পূৰ্ণতা পায়।
আকৌ মানুহে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জৰিয়তে প্ৰাকৃতিক সম্পদসমূহক ন ন ৰূপ প্ৰদান কৰি আহিছে। উদাহৰণস্বৰূপে, বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ৰং, নেপথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, চাবোন, মম, ৰৱৰ; গছ- গছনিৰ পৰা খাদ্য, ঔষধ, কাঠ, গৃহ আদি সামগ্ৰী আহৰণ কৰা হয়। অৱশ্যে এই ক্ষেত্ৰত প্ৰযুক্তি বিদ্যাৰ লগতে মানুহ জ্ঞান, কৌশল আৰু দক্ষতাও অন্যতম দৰকাৰী উপাদান।
বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে মানুহে ভৱিষ্যতে সম্পদৰ ক্ষেত্ৰত আহিব পৰা আহুকালৰ বিষয়ে আগতীয়া তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত সম্পদ সংৰক্ষণৰ দৰে পদ্ধতিসমূহে আজিৰ দিনত গুৰুত্ব লাভ কৰিছে।