সম্পদ আৰু মানুহৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। মানুহে সম্পদক গঢ় দিয়ে।সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ কল্যাণৰ লগত জড়িত হৈ আছে। মানুহেই হ’ল সম্পদৰ উৎপাদক আৰু সম্পদৰ উপভোক্তা। মানুহৰ প্ৰয়োজনীয় বেছিভাগ সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয়।মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে।প্ৰাকৃতিকভাৱে সম্পদবোৰৰ উপৰিও মানুহে নিজে সম্পদৰ সৃষ্টি কৰিছে। যিবোৰক আমি মানৱসৃষ্ট সম্পদ বুলি কওঁ। যেনে ― ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগ-কাৰখানা, স্কুল-কলেজ, যান-বাহন ইত্যাদি।