Add Book Write Article
Cancel

"সম্পদ পৰিৱর্তনশীল" 一 ব্যাখ্যা কৰা।

By u255f5c61b2 on 1 week ago
April 10, 2025, 5:03 a.m.

সম্পদ পৰিৱর্তনশীল। আজি কোনো এটা সামগ্রী মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্য়তে সেই একেটা সামগ্রীয়েই মানৱ কল্যাণৰ বাবে ব্যৱহৃত হ'ব পাৰে। এনে সামগ্রীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বোলা হয়। উদাহৰণস্বৰূপে, মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্রীহে আছিল। আনহাতে, যিবোৰ সামগ্রী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্রতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে, অনুৰ্বৰ মাটি, বানপানী জর্জৰিত অঞ্চল আদি একো একোটা প্রতিৰোধক। এইখিনিতে উল্লেখযোগ্য যে, পশ্চিমবংগত সঘনে বানপানী সৃষ্টি কৰা দামোদৰ নদীৰ ওপৰত বান্ধ নির্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা নকৰালৈকে দামোদৰ নদীক প্রতিৰোধক হিচাপে গণ্য কৰা হৈছিল। গতিকে মানুহৰ জ্ঞানৰ প্রসাৰ আৰু বিজ্ঞান-প্রযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্রতিৰোধক সামগ্রী মানুহৰ সু-প্রচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে। সম্পদৰ এনে পৰিৱর্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্রী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্ৰিয় সামগ্রীলৈ ৰূপান্তৰিত হ'ব পাৰে। অর্থাৎ, সামাজিক পৰিৱর্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱর্তন ঘটে।