Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

সকলো জীৱ আৰু পৰিস্থিতিতন্ত্ৰৰ কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তিৰ উৎস, ৰাজহ, যোগান বা সহায়ক সম্পদ বোলে। মানুহৰ দৈনন্দিন জীৱনৰ চাহিদা পূৰাবলৈ বিভিন্ন সা-সামগ্ৰী বা দ্ৰব্য়ৰ প্ৰয়োজন হয়। মানুহৰ এই প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য় বা সামগ্ৰীয় হৈছে সম্পদ।

সম্পদৰ তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায় 一

(ক) কাৰ্যকাৰিতাঃ- মানুহে বস্তু বা সামগ্ৰীটোক যেতিয়া নিজৰ, আনৰ বা সমাজৰ কামত ব্যৱহাৰ কৰিব পাৰে তেতিয়া তাৰ কাৰ্যকাৰিতা গুণটো প্ৰকাশ পায়।

(খ) উপকাৰিতাঃ- সম্পদ হ'বলৈ হ'লে বস্তু বা সামগ্ৰীটোৱে ব্যক্তিগত বা মানৱ সমাজৰ উপকাৰ বা কল্যাণ সাধন কৰিব লাগিব।

(গ) পৰিৱৰ্তনশীলতাঃ- সম্পদৰ সদায় পৰিৱৰ্তন হৈ থাকে। নিষ্ক্ৰিয় বা নিৰপেক্ষ সামগ্ৰী (যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো উপকাৰ বা অপকাৰ সাধন নকৰে) আৰু প্ৰতিৰোধক (অপকাৰী সামগ্ৰী বা পৰিঘটনা) সমূহো মানুহৰ চিন্তা-চৰ্চা, কৌশল, কাৰিকৰী জ্ঞান, দক্ষতা আৰু প্ৰযুক্তিৰ সহায়ত সম্পদ হিচাপে মান্যতা পায়।

Write Your Answer