Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বোলা হয়?

সম্পদ ভূগোল অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা। সম্পদ অবিহনে অৰ্থনৈতিক ভূগোলৰ ব্য়াখ্যা সম্ভৱ নহয়। সম্পদৰ প্রকাৰ, অঞ্চলভেদে সম্পদৰ বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয়।অৰ্থনৈতিক ভূগোলৰ আন শাখা উপশাখাবোৰৰ অধ্যয়নতো সম্পদক এৰাই চলিব নোৱাৰি।কেৱল সেইয়াই নহয়, দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন সেই দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰতে নিৰ্ভৰ কৰে।

Write Your Answer