সমগ্র বিশ্বজুৰি দেখা দিয়া দ্রুত জনসংখ্যা বৃদ্ধি আৰু প্রাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্রাকৃতিক সম্পদ নিঃশেষ হ'বলৈ ধৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সমগ্র বিশ্বতে বিভিন্ন পর্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰি থকা হৈছে। এনে কার্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্রীয়, ৰাষ্ট্রীয়, আঞ্চলিক তথা স্থানীয় পর্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্রত ৰাষ্ট্রসংঘৰ অন্তর্গত "International Union for Conservation of Nature" চমুকৈ (IUCN) বিশেষভাৱে উল্লেখযোগ্য। ১৯৪৮ চনতে UNESCO অর্থাৎ, ৰাষ্ট্রসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্রথম সঞ্চালক প্রধান জুলিয়ান হাক্সলেৰ (ব্রিটিছ জীৱ বিজ্ঞানী) প্রচেষ্টাত ফ্রান্সত "IUCN" প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে - সমগ্র বিশ্বৰ প্রাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা। IUCN ৰ নেতৃত্বতে "WWF for Nature" (World Wide Fund for Nature) আৰু (World Conservation Monitoring Centre) স্থাপিত হৈছে। এইদৰে বিশেষ জীৱ-জন্তু আৰু উদ্ভিদ শ্রেণী তথা সামগ্রিকভাৱে প্রাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্রীয় আৰু ৰাষ্ট্ৰীয় পর্যায়ত বহু সংস্থা-সংগঠনে কাম কৰি আছে। ভাৰতবর্ষত এনে কার্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন নামেৰে এটি মন্ত্রণালয় (Ministry of Environment, Forests and Climate Change) গঠন কৰা হৈছে। এনে চৰকাৰী সংস্থাই প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পর্কীয় আইনো প্রণয়ন কৰে। এই মন্ত্রণালয়ৰ অন্তর্গত স্বতন্ত্রভাৱে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা (Indian Council of Forestry Research and Education) গঠন কৰা হৈছে।
ইয়াৰ উপৰিও বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ (Centre for Science and Environment), গ্ৰীনপীচ ইণ্ডিয়া (Greenpeace India), ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (Wild Life Trust of India) আদিৰ দৰে অনুষ্ঠানসমূহে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আছে। আমাৰ অসমতো অসম বিজ্ঞান সমিতি, অৰণ্যক আদি বেচৰকাৰী অনুষ্ঠানে পৰিৱেশ সুৰক্ষা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে কাম-কাজ কৰি আহিছে।