Add Book Write Article
Cancel

সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা।

By u255f5c61b2 on 1 week ago
April 10, 2025, 5:12 a.m.

সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ তলত উল্লেখ কৰা হ'ল 一

(ক) বিকল্প সম্পদৰ সন্ধানঃ- কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্রয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণস্বৰূপে; কপাহী সূতাৰ পৰিৱর্তে কৃত্রিম আঁহ, প্রাকৃতিক ৰবৰৰ সলনি কৃত্রিম ৰবৰ আদি একো একোটা বিকল্প সম্পদ। অনৱীকৰণযোগ্য সম্পদ যেনে 一 কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্রাস কৰিবলৈ সৌৰশক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে।

(খ) পুনৰাৱর্তন ও সীমিতঃ- সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে। উদাহৰণস্বৰূপে; পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰা হয়।

(গ) অভিযোজন বা নবপ্রচলনঃ- অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্রকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নবপ্রচলন প্রক্রিয়াৰ প্রয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্রয়োগৰ দ্বাৰা মাটিত হ'ব পৰা ঋণাত্মক প্রভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্রয়োগত বেছি গুৰুত্ব প্রদান কৰিব লাগে।

(ঘ) বর্জিত দ্রব্যৰ পৰিমাণ হ্রাসঃ- কেঁচা সামগ্রীৰ পৰা প্রয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বর্জিত দ্রব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰ পুনৰাৱর্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ'ব পাৰে। উদাহৰণস্বৰূপে, গছ কাটি কাঠৰ সামগ্রী তৈয়াৰ কৰোঁতে সমান্তৰালভাৱে পেলনীয়া কাঠেৰে প্রস্তুত কৰিব পৰা আন লঘু বা কুটিৰ উদ্যোগৰ ব্যৱস্থা কৰিলে প্রাকৃতিক সম্পদৰ অপব্যৱহাৰ হ্রাস হ'ব।কাগজ কলত কাঠ আৰু বাঁহৰ যি বর্জিত দ্রব্য উৎপন্ন হয়, সেইবোৰ আন জৈৱিক বা ৰাসায়নিক সামগ্রীলৈ পৰিৱর্তন কৰাৰ ব্যৱস্থাপনা থাকিলে প্রাকৃতিক সম্পদৰ ওপৰত হেঁচা কমিব।

(ঙ) জ্ঞান আৰু শিক্ষাৰ সম্প্রসাৰণঃ- সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কার্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্রসাৰণ অতি প্রয়োজন।সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা কৰাতো দৰকাৰী।

(চ) সংৰক্ষণ সম্পর্কীয় আইনৰ কার্যকৰীকৰণঃ- সম্পদৰ সংৰক্ষণ কার্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পর্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ'ব লাগে আৰু সেইবোৰ সঠিকভাৱে ৰূপায়ন হ'ব লাগে।

(ছ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়নঃ- সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।

(জ) সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণঃ- সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি দৰকাৰ। ইয়াৰ দ্বাৰাও সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প সম্পদ উদঘাটনতো সহায়ক হ'ব।