Add Book Write Article
Cancel

সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্রয়োজনীয়তা কি?

By u255f5c61b2 on 1 week ago
April 10, 2025, 5:07 a.m.

কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। উদাহৰণস্বৰূপে, খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়।

যদিও সম্পদ সংৰক্ষণ অনৱীকৰণযোগ্য সম্পদৰ লগত বেছিকৈ জড়িত, আচলতে সংৰক্ষণৰ ধাৰণাবোৰ সকলো ধৰণৰ সম্পদৰ বাবেই সমানে প্রযোজ্য। উল্লেখযোগ্য যে, অৰণ্য (নৱীকৰণযোগ্য সম্পদ) ধ্বংসৰ ফলত জীৱ-জন্তুৰ আৱাসভূমি তথা জৈৱ-বৈচিত্র্য হ্রাস পায় আৰু একো একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়। সেয়ে সমগ্র বিশ্বজুৰি কিছুমান আপুৰুগীয়া জৈৱিক সম্পদ যেনে - বাঘ, হাতী, গঁড়, ভালুক, ডলফিন, সিংহ আদিৰ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্রকল্প হাতত লোৱা হৈছে। তদুপৰি অসমৰ কেইবাবিধো মূল্যবান উদ্ভিদ যেনে - সর্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অর্জুন, অগক, চিৰতা, জাইফল, শতমূল, শুকলতি আদি প্রায় নোহোৱা হ'ব ধৰিছে। বিলুপ্ত হ'ব ধৰা প্রাণীৰ ক্ষেত্রত সোনালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া ম'হ, নল-গাহৰি, শিহু, দেওহাঁহ, ধনেশ পক্ষী, বৰটোকোলা আদি বিশেষভাৱে উল্লেখযোগ্য। লগতে শক্তিৰ উৎস হিচাপে ব্যৱহৃত খনিজ তেল, কয়লা আদি আৰু কৃষি কার্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক ৰাসায়নিক দ্রব্য আদিৰ ব্যৱহাৰ দ্রুতগতিত বৃদ্ধি পোৱাৰ ফলত এইবোৰ প্রাকৃতিক সম্পদৰ ভাণ্ডাৰ ক্রমান্বয়ে নিঃশেষ হৈ যোৱাৰ উপৰি বায়ু, পানী আৰু মাটিৰ প্রদূষণ ঘটি এক ভয়াৱহ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে। গতিকে আমাৰ উন্নয়ন প্রক্রিয়াটো যাতে ক্ষণস্থায়ী নহয় তাৰ বাবে আমি সম্পদৰ মিতব্যয়ী ব্যৱহাৰৰ লগতে প্রয়োজনীয় সংৰক্ষণ ব্যৱস্থা হাতত ল'ব লাগিব। উদাহৰণস্বৰূপে, মাটি সংৰক্ষণৰ ক্ষেত্রত আমি কৃষিকার্যৰ বাবে মাটি এডোখৰ এনেদৰে ব্যৱহাৰ কৰিব লাগিব যাতে ইয়াৰ উর্বৰতা নষ্ট নোহোৱাকৈ আমি ভাল শস্যৰ উৎপাদন লাভ কৰি থাকো।