Add Book Write Article
Cancel

সহজ অৰ্থত মূল্যবোধ মানে কি?

By uf9b861367c on 2 weeks ago
April 5, 2025, 6:03 a.m.

মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকতা নীতি ৷ যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ ৷ সমাজত প্ৰচলিত ধৰ্মীয় জীৱন, জীৱন দৰ্শন, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যপ্ৰণালী-এই সকলোবোৰক মূল্যবোধে সামৰি লয় ৷ আকৌ মূল্যবোধ সমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক আয়ত্ত কৰে সামাজিক পৰিবেশতহে ৷