Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

"হ'ল এৱে তোৰ সময় হ'বৰ জাতিৰ ঝাড়ুদাৰ যে ভাই।" 一ইয়াত কবিয়ে কি কাৰণে 'জাতিৰ ঝাড়ুদাৰ' হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে?

পৰাধীন ভাৰতক স্বাধীন কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত যি অহিংস আন্দোলন দেশজুৰি চলিছিল, সেই আন্দোলনৰ কবি অম্বিকাগিৰী ৰায়চৌধাৰী অংশীদাৰ আছিল।ভাৰতবাসীৰ মাজত হিংসা, ভেদা-ভেদ, ঘৃণা-ঘৃণিৰ ভেম ক'ত কি যে মলি-মামৰ পৰি অসমৰ ‘সােণৰ চোতাল' আনৰ জাৱৰেৰে ভৰি পৰিছিল।

উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে পৰাধীনতাৰ কলংক আঁতৰাই দেশৰ হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰিবৰ বাবে কবিয়ে ভাৰতবাসীক ঝাড়ু ধৰিবলৈ আহ্বান কৰিছে। যা'তে এইবোৰ সাৰি আঁতৰাই ভাৰতবৰ্ষ তথা অসমক পৰিষ্কাৰ কৰিবলৈ ‘জাতিৰ ঝাড়ুদাৰ’ হােৱাৰ সময় হ’লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে। যদি এনে নকৰে তেনেহ'লে, চিৰকাললে ভাৰতবাসী তথা অসমবাসীয়ে গােলামি কৰি দুর্বিষহ জীৱন কটাব লাগিব।

Write Your Answer