হস্তিগ্ৰন্থ বুলিলে সাধাৰণতে হাতী বিষয়ক গ্ৰন্থক বুজা যায় । য'ত হাতীৰ বিভিন্ন ৰোগৰ লক্ষণ, হস্তীৰ কৰ্ম, হস্তীৰ শুভশুৱা, হাতীক বন শিকোৱা কৌশল, হাতীৰ চঁক ভঙ্গা, হাতীৰে কাঠ আদি টনাৰ কাম কৰা, হাতীৰ বিভিন্ন ব্যাধিৰ প্ৰতিকাৰ সন্দৰ্ভত বিশদ বৰ্ণনা পোৱা যায় । মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। তাৰে ভিতৰত হাতী বিষয়ক পুথিসমূহ অন্যতম।অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাথৰ হস্তি-বিদ্যাৰ্ণৱ-সাৰ-সংগ্ৰহ এই বিষয়ৰ শ্ৰেষ্ঠ পুথি। এই গ্ৰন্থ সমুহ সাঁচিপতীয়া পুথিৰ আকাৰত পোৱা যায়। হস্তি আয়ুৰ্ব্বেদ, গজেন্দ্রচিন্তামণি, মাতঙ্গলীলা আদি হস্তিগ্ৰন্থৰ উদাহৰণ।