মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। তাৰে ভিতৰত হাতী বিষয়ক পুথিসমূহ অন্যতম অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাথৰ হস্তিবিদ্যাৰ্ণব সাৰ সংগ্ৰহ এই বিষয়ৰ অন্যতম পুথি। এই পুথিত হাতীক কেন্দ্ৰ কৰি বিষয় বস্তুৰ জুমুঠি বন্ধা হৈছে। যাৱতীয় সংস্কৃত গ্ৰন্থ, অসমত প্ৰচলিত কিছুমান হাতী বিষয়ক পুথি, দাঁতি-কাষৰীয়া জাতিৰ মাজত প্ৰচলিত হাতীৰ ব্যাধিৰ প্ৰতিকাৰ-এই সকলোবোৰ হস্তিজ্ঞান একত্ৰীকৰণ কৰি কাহিনীৰ বিষয়বস্তু ৰক্ষিত কৰিছে । আহোম স্বৰ্গদেউ শিৱ সিংহ আৰু ৰাণী ফুলেশ্বৰী কুঁৱৰীৰ অনুৰোধত সুকুমাৰ বৰকাথে হস্তিবিদ্যাৰ্ণৱ ৰচনা কৰিছিল। ৰাজ অনুগ্ৰহত ৰচনা কৰা বাবে ইয়াৰ বিষয়বস্তু মূলতঃ ৰাজ্যৰ স্থিতিৰ দৃষ্টিভংগীৰে লিখা হৈছিল। ৰাজ্যৰ বাবে কোনবোৰ হাতী উপযুক্ত, কেনেকৈ হাতীক সম্ভ্ৰান্ত লোকৰ বাবে আৰু যুদ্ধ বিগ্ৰহৰ বাবে প্ৰশিক্ষিত কৰিব পাৰি ইত্যাদি ইয়াৰ মূল বিষয়। ভাল হাতী, বেয়া হাতীৰ লক্ষণ বৰ্ণনা কৰাৰ লগতে অন্য ৰজাৰ লগত অপ্ৰীতিবৰ্দ্ধক হাতিৰ লক্ষণ ইয়াত বৰ্ণনা কৰা হৈছে। হাতীশাল নিৰ্মাণৰ নিয়মো বৰ্ণনা কৰিছে। হাতীশালত কি কাঠ নিৰ্ব্বদ্ধ কৰা হব, হাতীবন্ধা খুটাৰ মান কিমান উচ্চতাৰ হ'ব, বতাহ-ৰʼদ সোমাব পৰাৰ কেনে ব্যৱস্থাৰ কৰিব লাগিব সকলো কথা কোৱা হৈছে। তদুপৰি হাতীক শুভকাৰ্যৰ প্ৰতীক বুলিও গণ্য কৰা হয় । আগৰ দিনত হাতিক যাত্ৰাকালত আৰু উভতি অহাৰ কালত দেখা বা ব্যৱহাৰ কৰাটো শুভ বুলি গন্য কৰা হয় । হাতীক যুদ্ধ কালত ব্যহাৰ কৰা, উপঢৌকন হিচাপে প্ৰেৰণ কৰা, ৰজাৰ গড়ৰ বাহিৰ ৰাখি ৰজাৰ প্ৰতিপত্তি প্ৰদৰ্শন কৰা এই সকলো কথা লিখা আছে । তদুপৰি সোণ ৰূপৰ দৰে হাতীদাঁতৰ মূল্যও আছিল যথেষ্ট । কামন্দকীয় নীতিসাৰত উল্লেখ থকা মতে হস্তীক কৰ্মত প্ৰয়োগ কৰাৰ নিয়মো নিধান আছিল। যুদ্ধক্ষেত্ৰত কেনে হাতী প্ৰয়োগ কৰিব, কোন হাতীত উঠিলে ৰজাৰ মঙ্গল আৰু সমৃদ্ধি হব, কোন হাতীত উঠিলে বেয়া তাৰো নিয়ম ব্যাখ্যা কৰা আছে। ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথাও কোৱা হৈছে। স্বৰ্গদেৱৰ ঘাই হাতীক শিকোৱাৰ নিৱন্ধও যুগুত কৰা আছে । ময়দাৰ, মেদ বৃদ্ধি, মন পুষ্টি, মনচোকা এই সকলো বিলাকৰ বুজ লোৱা হৈছিল। হাতী কেনেদৰে অধিক বলৱন্ত হ'ব, হাতীক কেনেদৰে মন্ত্ৰৰে বশ কৰিব পাৰি তাৰ বিধান হস্তিপুথিত উল্লেখ আছে। এনেদৰে বিশ্লেষন কৰিলে দেখা যায় হাতীক কেন্দ্ৰ কৰি পুৰণিকালত ৰজা মহাৰজা সকলে বিবিধ মাধ্যম প্ৰয়োগ কৰিছিল।যিবোৰ হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তু হিচাপে ৰক্ষিত হৈছিল।