April 2, 2025, 2:13 a.m.
উক্ত কথাশাৰী কবিক এগৰাকী বৃদ্ধ মানুহে কৈছিল।
এদিনাখন কবিয়ে সন্ধিয়া সময়ত নগৰৰ এটা বাটেৰে গৈ আছিল। যি বাটেৰে কবিয়ে গৈ আছিল সেই বাট পঁচিশ বছৰ আগেয়ে এটা কেঁচা আলিবাট আছিল। য'ত আছিল কেৱল এটা পঁজাঘৰ আৰু সেই পঁজাঘৰটোৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী বৃদ্ধ লোকক। সেই বৃদ্ধ লোকজন সহজ-সৰল আন্তৰিকতাৰে কবিক কৈছিল সেই পঁজাটোত তেওঁ শান্তিৰে থকা কথা। কবিয়ে সেই একে ঠাইতে পঁচিশ বছৰৰ পিছত দেখিলে তাত এটা সাতমহলীয়া অট্টালিকা আৰু সেই অট্টালিকাটোৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোকক। কবিয়ে পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ থকাৰ উদ্দেশ্য সুধিছিল; যে "হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত?'