পূৰ্বতে আমাৰ দেশত আজিৰ দৰে বিদ্যাৰ অনুশীলন নাছিল ৷ সেই হেতুকে মানুহৰ মন ভয় আৰু কু-সংস্কাৰে আৱৰি ৰাখিছিল৷ বিদ্যা আৰু জ্ঞানেই যে উন্নতিৰ মূল সেই কথা সাধাৰণ ৰাইজে জনা নাছিল৷ দেশবাসীৰ এই অজ্ঞান এন্ধাৰ লক্ষ্য কৰি আনন্দৰাম ঢেকিয়াল ফুকনে এইদৰে মন্তব্য কৰিছিল - "হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই; যদি সভ্য আৰু সুখি হ’ব খোজা তেন্তে কৃসি আৰু সিল্প কৰমত ইংৰাজৰ দৰে পাৰ্গত হ’বলৈ পুৰুসাৰ্থ কৰা৷ তোমালোক নিচই অগিয়ান আৰু সেই বিদ্যাৰ ভু নোপোৱা আৰু জানিবলৈকো স্ৰম নকৰা ৷..."