Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?

"অসহযোগ আন্দোলন" আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সংঘটিত হোৱা প্ৰথম সৰ্ববৃহৎ আন্দোলন য'ত দেশৰ বেছিভাগ প্ৰান্তৰ লোকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল। অসহযোগ আন্দোলনত ইন্ধন যোগোৱা প্ৰধান কাৰকসমূহ আছিল 一

  1. প্ৰথম বিশ্বযুদ্ধত ভাৰতীয় সকলৰ অসন্তুষ্টি,
  2. ৰাওলাট আইনৰ দমনমূলক নীতি,
  3. ১৯১৯ চনৰ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড,
  4. ব্ৰিটিছৰ দ্বাৰা ভাৰতৰ অৰ্থনৈতিক শোষণ,
  5. খিলাফৎ আন্দোলনৰ প্ৰতি সমৰ্থন।

উক্ত ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত ১৯২০ চনৰ ১ আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হয়।

ইয়াৰ বিভিন্ন কাৰ্যসূচীসমূহ আছিল 一

  1. বিদেশী বয়-বস্তু, বস্ত্ৰ, সুৰা আদি বৰ্জন কৰা।
  2. ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিদ্যালয়-মহাবিদ্যালয় ত্যাগ।
  3. দেশৰ বিভিন্ন প্ৰান্তত জাতীয় শিক্ষানুষ্ঠানৰ গঠন।
  4. স্বেচ্ছাসেৱকক সদস্য ভৰ্তি কৰোৱা।
  5. দেশত যঁতৰ প্ৰস্তুত কৰা।
  6. জনগণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীৰ দ্বাৰা সমগ্ৰ দেশ ভ্ৰমণ কাৰ্যসূচী।
  7. আন্দোলনটোৰ খৰচ বহন কৰিব পৰাকৈ আৰ্থিক গোট গঠন কৰা।

সমগ্ৰ দেশতে অসহযোগ আন্দোলনে ব্যাপক সহাৰি লাভ কৰাৰ সময়তে ১৯২২ চনৰ ৫ ফ্ৰেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয়। এই ঘটনাত তিনিজন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচক হত্যা কৰে। এই ঘটনাত মৰ্মাহত হৈ গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ ৰখাৰ সিদ্ধান্ত লয়। অৱশেষত ১৯২২ চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত অসহযোগ আন্দোলন আনুষ্ঠানিকভাৱে অন্ত পৰে।

Write Your Answer