'ৰাজপথ' কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ প্ৰকাশিত হৈছে ৷ ৰাজপথৰ উদাৰ বুকুৰ ওপৰেদি জীৱনক গতি দিয়া ট্ৰাম, বাছ, টেক্সি, ৰিক্সাবোৰ চলি থকাৰ লগতে প্ৰশান্ত ৰাজপথৰ সুবিধা লৈ নিশাৰ অন্ধকাৰত উদভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰো চলে ৷ জীৱিকাৰ সন্ধানত ঘূৰি ফুৰা ভদ্ৰ মহিলাই সমাজৰ চকুত ধূলি দি কোনোবা ডাঙৰ অট্টালিকাত নিজৰ দেহ বিক্ৰী কৰে ৷