Add Book Write Article
Cancel

ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বৰ্ণনা কৰা ৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 10:39 a.m.

'ধনবৰ আৰু ৰতনী' কবিতাটো এটা মালিতা ৷ মালিতাটোৰ মাজেৰে ধনবৰৰ কাৰুণ্যতা প্ৰকাশ পাইছে ৷ ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে ৷ দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই ৰতনীক মাক-বাপেকে ঘৰলৈ লৈ গ’ল ৷ ধনবৰ ভাগি পৰিল ৷ সি লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে ৷ ৰতনীৰ অবিহনে ধনবৰৰ জীৱন যেন বৃথা ৷ মনৰ বেজাৰত সেন্দূৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি কয় ৷ কিয়নো প্ৰথমে ভালপোৱা দি পিছত বুকুৰ কামিহাড় ভাঙি ৰতনী আঁতৰি গৈছে ৷ যাৰ বাবে ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে ৷ লুইতৰ পাৰত বিননি জুৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰ লুইতৰ বুকুত জাহ গৈছে ৷